আৰক্ষীৰ জালত পৰিল মৃত ৰজনী খাৰঘৰীয়াৰ পুত্ৰ

আৰক্ষীৰ জালত পৰিল মৃত ৰজনী খাৰঘৰীয়াৰ পুত্ৰ
Published on

কিছুদিন পূৰ্ৱে আত্মহত্যা কৰা ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়াৰ পলাতক পুত্ৰ দেৱাশিসক ছয়মাইলৰ গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বৰ্তমানো আৰক্ষীয়ে সন্ধান পোৱা নাই খাৰঘৰীয়াৰ পত্নীৰ । গ্ৰেপ্তাৰৰ পিছতে শিৱসাগৰলৈ লৈ যোৱা হয় কুলংগ পুত্ৰক। শিৱসাগৰ জিলাৰ উপ–আৰক্ষী অধীক্ষক প্ৰফুল্ল সোণোৱালৰ নেতৃত্বত চলিছিল অভিযান। পিতৃ–মাতৃৰ মৃত্যুৰ পিছৰে পৰা পলাতক হৈ আছিল দেৱাশিস আৰু তেওঁৰ পত্নী।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com