
আজি দুপৰীয়া আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে । ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ অভিলাষী আচনি সমূহ কামৰূপ মহানগৰ জিলাত কেনেদৰে ৰূপায়িত হৈছে সেই বিষয়তেই আয়োজন কৰে এই সংবাদমেল।সংবাদমেলত স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, পানী যোগান, গড়কাপ্তানি, বিদ্যুৎ যোগান, মহিলা সবলীকৰণ, নিয়োগ আদি আচনি সমূহৰ ৰূপায়নৰ তথ্য সংবাদমেলত সদৰী কৰে উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে।
গুৱাহাটী মহানগৰীৰ পানী সমস্যাৰ সমাধানৰ বাবে বহু ব্যৱস্থা হাতত লোৱা বুলি জনোৱাৰ লগতে বিশ্ব বেংকৰ সহযোগিতাত নীল নিৰ্মল পৰিযোজনাৰ অধীনত চন্দ্ৰপুৰ আৰু ডিমৰীয়া ব্লকত ব্ৰহ্মপুত্ৰৰ পৰা পানী উঠাই মহানগৰবাসীক পানী যোগান ধৰাৰ আচনি প্ৰায় সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে।চৰকাৰী বিদ্যালয় সমূহত বেটি বচাও বেটি পঢ়াও আচনিৰ অধীনত ছোৱালীসকলক বিদ্যালয়ত আত্মৰক্ষাৰ শ্ৰেণীৰ ব্যৱস্থা কৰা হৈছে।আনহাতে ২০১৮ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত গুৱাহাটী মহানগৰৰ ৬৩৫ খন বিদ্যালয়ত অনুষ্ঠিত হৈছে বুলি সদৰি কৰে।
এপিডিচিএলৰ সৌভাগ্য আচনিৰ অধীনত কামৰূপ মহানগৰ জিলাত ৮০ হাজাৰতকৈ অধিক এল ই ডি ব্লাব বিতৰণ কৰাৰ লগতে প্ৰিপেইড বৈদ্যুতিক মিটাৰৰ কথা ব্যক্ত কৰে এপি ডি চি এল ৰ চি ই অ প্ৰসন্ন হাজৰিকাই । আয়ুস্মান আচনি, অটল অমৃত যোজনা, স্বাস্থ্য বীমা আচনি সমূহৰ বহু সুবিধা জনসাধাৰণে লাভ কৰে বুলি জনায় উপায়ুক্ত মিট্টালে।
নিৱনুৱাৰ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো কামৰূপ মহানগৰ প্ৰশাসনে Skill Development ৰ আচনি সমূহ কাৰ্যকৰী কৰি বহু যুৱক যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰে। SVAYEM আচনিৰ অধীনত উৎসাহী প্ৰাৰ্থীক আৰ্থিক ভাৱে সহায় কৰি ১ পৰা ২ লাখ টকাৰ লোণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।
কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ, আমচং,টেপেচিয়া ৩ খন চাহ বাগিচাৰ লোকসকলৰ স্বাস্থ্যৰ লগতে আৰ্থিক দিশৰ প্ৰতি গুৰুত্ব ৰাখি চাহ বাগিচা ধন পুৰস্কাৰ আচনিৰ অধীনত কাম কৰি থকা হৈছে বুলি সদৰি কৰে জিলা উপায়ুক্ত গৰাকীয়ে।