উদালগুৰিত হাতীৰ আক্ৰমনত প্ৰাণ গল এজনৰ

উদালগুৰিত হাতীৰ আক্ৰমনত প্ৰাণ গল এজনৰ
Published on

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । উদালগুৰি জিলাৰ পানেৰী আৰক্ষী চকীৰ অন্তৰ্গত ভূতীয়াচুক চাহ বাগিছাৰ ১৩ নং লাইনত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। বুধবাৰে ৰাতিপুৱা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ জাকৰ আক্ৰমনত অতি কৰুণ ভাৱে প্ৰাণ হেৰুৱাব লগীয়া হৈছে এজন লোকে। লোকজন আলফেচ ওৰাং বুলি জানিব পৰা গৈছে।লোক জনৰ বয়স প্ৰায় ৩০ বছৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অৱস্থান কৰা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বহুকেইদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছে।। হাতীৰ জাকটোৱে অঞ্চলতোৰ বিভিন্ন ঠাইত বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ঘৰত মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰে । বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইটা পৰিয়াল । বনৰীয়া হাতীৰ আক্ৰমনত এতিয়া নিদ্ৰা বিহীন ৰজনী পাৰ কৰিবলগীয়া হৈছে ৰাইজে ।লোকজনক লৰালৰিকৈ গুৱাহাটীৰ জিএনআৰচি লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com