এনআৰচিৰ চূড়ান্ত খচৰা ৩০ জুলাইত

এনআৰচিৰ চূড়ান্ত খচৰা ৩০ জুলাইত
Published on

সোমবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ৰাজ্য এনআৰচি কৰ্তৃপক্ষক ৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে।ন্যায়ধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ এফ নাৰিমানৰে গঠিত ডিভিজন বেঞ্চে এই নিৰ্দেশ জাৰি কৰিছে।৩০ জুনত প্ৰকাশৰ দিন আছিল যদিও ৰাজ্যৰ প্ৰথমতো বানপানীৰ ফলত কাম সম্পূৰ্ণ হৈ নুঠিল।বিশেষকৈ কাচাৰ,কৰিমগঞ্জ,হাইলাকান্দি,হোজাই আৰু পশ্চিম কাৰ্বিআলংত বানপানীৰ বাবে কাম ৰখাই দিবলৈ বাধ্য হয়।এই জিলাসমূহৰ এনআৰচি সেৱা কেন্দ্ৰ সমূহৰ কাম বন্ধ হৈ যোৱাৰ ফলত কাম সম্পূৰ্ন হৈ নুঠিল।আছু আৰু আসাম পাব্লিক ৱৰ্কে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আদৰণী জনাই আছুৰ সম্পাদক দিপাংক কুমাৰ নাথ,সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈ আৰু উপদেস্তা ড° সমুজ্বল ভট্টাচাৰ্য্যই কয় যে আমাক এখন বাংলাদেশী মুক্ত এনআৰচি লাগে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com