কইনাধৰা এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

কইনাধৰা এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে
Published on: 

১৭ বছৰ ধৰি কইনাধৰাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি কইনাধৰাৰ পৰা বিদায় লৈ প্ৰৱেশ কৰিলে নতুন গৃহত ।কংগ্ৰেছ দলৰ হৈ ১৫বছৰ অসম চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ নতুন ঠিকনা হ'ল দিছপুৰৰ মন্ত্ৰী আৱাস কলনীৰ কোৱাৰ্টাৰ নম্বৰ এম–৭। দুপৰীয়া আনুষ্ঠানিকভাৱে নতুন গৃহত প্ৰৱেশ কৰিব তৰুণ গগৈয়ে। গগৈৰ প্ৰতিবেশী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা, পীয়ূূচ হাজৰিকা, ৰিহণ দৈমাৰী আৰু পল্লৱ লোচন দাস।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com