
নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬) বিৰুদ্ধে কাইলৈ অসম গণ পৰিষদৰ বিশাল প্ৰতিবাদী সমদল। মিত্ৰদল অসম গণ পৰিষদে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিৰুদ্ধে লতাশিলৰ পৰা চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈ উলিয়াব সমদল। ৰাতিপুৱা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যবৰণ কৰি এখন সভাৰ আয়োজন কৰিয়েই লতাশিলৰ পৰা আৰম্ভ কৰিব বিশাল প্ৰতিবাদী সমদল। প্ৰতিবাদী সমদলত অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰায় ৫০ হাজাৰ লোকৰ সমাগম হ’ব বুলি সদৰি কৰিছে অসম গণ পৰিষদে।