কাজিৰঙাত উদ্ধাৰ গঁড়ৰ খৰ্গৰ বিক্ৰীৰ ধন

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ খৰ্গৰ বিক্ৰীৰ ধন
Published on

কাজিৰঙাৰ নৰ্ডান ৰেঞ্জৰ অভিযান চোৰাংচিকাৰীৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গৰ বিক্ৰীৰ ধন । বিশ্বনাথস্থিত কাজিৰঙা নৰ্ডান ৰেঞ্জে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী আব্দুল ৰচিদ ওৰফে লাঠিৱালাৰ পৰা নিশা উদ্ধাৰ ৮৮ হেজাৰ নগদ ধন ৷ চতিয়াৰ আদাভেটিৰ পৰা শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল চিকাৰীটো ৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ শিলডুবিত ২৯ মে'ত সংঘটিত গঁড় হত্যাৰ সময়ত চিকাৰীক খাদ্যৰ যোগান ধৰা আৰু অস্ত্ৰ কঢ়িয়াই সহযোগ কৰাৰ বাবে আব্দুলে লাভ কৰিছিল নগদ একলাখ টকা ৷ ধন খিনি আৰু দুখন বেংকৰ পাছবুক জব্দ কৰিছে কাজিৰঙাৰ নৰ্ডান ৰেঞ্জে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com