কামপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা ওলমালে বীৰ লাচিত সেনাই

কামপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা ওলমালে বীৰ লাচিত সেনাই
Published on

নগাঁও জিলাৰ বৃহত্তৰ কামপুৰ অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ অাহিছে । যাৰ ফলত সৰ্বসাধাৰণ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈছে । নিয়মীয়া বিদ্যুৎ যোগান ধৰিব নোৱাৰা শক্তি মন্ত্ৰী তপন গগৈৰ বিয়াগোম বিভাগটোৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কামপুৰ বীৰ লাচিত সেনাই । প্ৰায় ১২বজালৈকে কনিষ্ঠ অভিযন্ত্ৰাজন কাৰ্যালয়ত উপস্থিত নথকাত বীৰ লাচিত সেনাৰ সদস্য সকল অধিক ক্ষোভিত হৈ কাৰ্যালয়ত তলা ওলোমাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।স্থানীয় ৰাইজে বহুতবাৰ অভিযোগ দিছিল যদিও কোনোধৰনৰ গুৰুত্ব প্ৰদান নকৰিলে বিভাগটোয়ে।নিৰ্বাচনৰ পূৰ্বে ২৪ ঘন্টাই অসমৰ ৰাইজে বিদুৎ লাভ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে বিদুৎ প্ৰদান কৰা বিষয়টোত পিঠি দিয়াহে পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে, শীঘ্ৰে কামপুৰত নিয়মীয়া বিদ্যুৎ যোগান নধৰিলে জংগী অান্দোলন কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে বীৰ লাচিত সেনাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com