কামৰূপৰ আগিয়াঠুৰীত দুৰ্বৃত্তৰ গুলীত নিহত বেংক বিষয়া

কামৰূপৰ আগিয়াঠুৰীত দুৰ্বৃত্তৰ গুলীত নিহত বেংক বিষয়া
Published on

কামৰূপৰ আগিয়াঠুৰীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাৰ ঘটনা । দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত হয় ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাৰ গাণনিক বিষয়া জুনু শৰ্মা। এখন গাড়ীৰে আহি থকা অৱস্থাতে গুলীচালনা কৰে বাইকত অহা দুই দুৰ্বৃত্তই। মহিলাগৰাকীৰ ডিঙিত লাগে দুটা গুলী। গুলীচালনা কৰিয়ে পলায়ন কৰে দুৰ্বৃত্ত দুটাই। আৰক্ষীয়ে আটক কৰিছে গাড়ী চালক প্ৰণৱ কলিতাক। দুবছৰ ধৰি দদৰাৰ ভাৰতীয় ষ্টেট বেংকত কৰ্মৰত আছিল জুনু শৰ্মা। মহিলাগৰাকীৰ স্বামী প্ৰদীপ কুমাৰ শৰ্মা গুৱাহাটীৰ ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত। গুলীচালনাৰ পিছতে মহিলাগৰাকীক উত্তৰ গুৱাহাটীস্থিত নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিত্‍সকে। মৃত মহিলাগৰাকীৰ ঘৰ গুৱাহাটীৰ চানমাৰিৰ নিজৰাপাৰত বুলি জানিব পৰা গৈছে ।দুৰ্বৃত্ত দুটাৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com