কুশলে আছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

কুশলে আছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা
Published on

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা মৃত্যুৰ বাতৰিক অস্বীকাৰ সংযুক্ত মুক্তি বাহিনী অসমৰ । প্ৰেছ বিবৃতিযোগে এই কথা স্পষ্ট কৰিলে আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য ৰমেল অসমে । এনেধৰণৰ ভিত্তিহীন বাতৰিত বিশ্বাস নকৰিবলৈ অসমবাসীক আহ্বান আলফা স্বাধীনৰ। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি প্ৰকাশ একাংশ সংবাদ মাধ্যমত ।

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰে সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰিছিল । লুকইষ্ট নামৰ এটা ৱেব পৰ্টেলত এই খবৰ প্ৰচাৰিত হোৱাৰ পাছতে চাঞ্চল্য সৃষ্টি হৈছিল । চোৰাংচোৱা সূত্ৰৰ আঁত ধৰি আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰ প্ৰচাৰ কৰিছিল পৰ্টেলটোৱে । পৰ্টেলটোৰ মতে ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছিল এসপ্তাহৰ পূৰ্বে চীন-ম্যানমানৰৰ সীমান্তৰ ৰুইলি নামৰ ঠাইত হোৱা এটা দুৰ্ঘটনাত আলফা স্বাধীনৰ শীৰ্ষনেতাজন খুব বেয়াকৈ জখম হৈছিল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com