কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ দেহাৱসান

কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ দেহাৱসান
Published on

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী অনন্ত কুমাৰৰ আজি পুৱা বেংগালুৰুৰ শংকৰ কৰ্কট হাস্পতালত মৃত্যু ঘটে । কৰ্ণাটকৰ জনপ্ৰিয় নেতা গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৯ বছৰ ।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক কিছুদিন পূৰ্বে ভেণ্টিলেটৰত ৰখা হৈছিল । কৰ্কট ৰোগত আক্ৰান্ত মন্ত্ৰীগৰাকীয়ে নিউয়ৰ্কত চিকিৎসা গ্ৰহণৰ অন্তত যোৱা মাহত স্বদেশলৈ উভতি আহিছিল ।

কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ ১৯৯৬চনৰ পৰা কৰ্ণাটকৰ দক্ষিণ বেংগালুৰুৰ লোকসভাৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াই আহিছিল । অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এনডিএ চৰকাৰৰ মন্ত্ৰী সভাৰ সদস্য আছিল । ৰাষ্ট্ৰসংঘত কানাড়া ভাষাত ভাষণ প্ৰদান কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল অনন্ত কুমাৰ ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, গৃহমন্ত্ৰী ৰাজনাথ সিঙে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যাক এৰি গৈছে অনন্ত কুমাৰে ।

চিকিৎসালয়ৰ পৰা বেংগালুৰুৰ লালবাগ ৰোডত থকা ‘সুমেৰা’ বাসগৃহলৈ নশ্বৰ দেহ নিয়াৰ পাছত বেংগালুৰুৰ নেচেনেল কলেজ চৌহদত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰখা হয় কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ নশ্বৰদেহ ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com