গোলাঘাটত ড্ৰাগছ ব্যৱসায়ীৰ ধন দাবীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি 

গোলাঘাটত ড্ৰাগছ ব্যৱসায়ীৰ ধন দাবীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি 
Published on

গোলাঘাটৰ মাইনাপাৰাৰ সঞ্জীৱ দৰ্জীৰ ঘৰত ড্ৰাগছ আসক্ত পাঁচজন যুৱকে প্ৰৱেশ কৰি তেওঁৰ পত্নীক ৬০ হাজাৰ টকা বিচাৰি ধন দাবী কৰে। মহিলা গৰাকীয়ে ধন দিবলৈ অপাৰগ হোৱাত তেওঁলোকে মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। স্থানীয় লোকে জানিব পাৰি তিনি জন ড্ৰাগছ আসক্ত যুৱকক আবদ্ধ কৰি ৰাখে যদিও দুজন পলাই যাবলৈ সক্ষম হয়।আবদ্ধ কৰা ড্ৰাগছ আসক্ত যুৱক কেইজন হল টেঙানিৰ মাইনা শইকীয়া, অজিত গগৈ আৰু সৰুপথাৰৰ ৰজাপুখুৰীৰ ইক্ৰমোল হুছেইন।ইফালে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ তিনিজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰাৰ লগতে দুখন বাহন জব্দ কৰে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com