
গোলাঘাটত পুনৰ পানী এৰিলে নিপকোৱে, ৪ খন ৰেডিয়েল গেটেৰে পানী এৰিলে নিপকোৱে।ধনশিৰি নৈৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাত আকৌ ভয়াৱহ বানৰ আশংকাত ভূগিছে গোলাঘাটৰ ৰাইজ।নীপকোৱে ইয়াৰ আগতেও দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ ধনশিৰী নদীৰ জলপৃষ্ঠ বাঢ়ি যোৱাত গোলাঘাট জিলাৰ বান পৰিস্থিতি অতি ভয়ানক হৈ পৰিছি।ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বহুসংখ্যক গাঁও বুৰাই পেলোৱাৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছিল।ধনশিৰিৰ বোৱতী পানীয়ে উজনি আৰু নামনি অসমৰ লগত যোগাযোগ স্থাপন কৰা এখন দলঙৰ একাংশ উটুৱাই নিয়াত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নদীখনৰ বাঢ়নী পানীয়ে গোলাঘাটৰ ৯০ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰে। যাৰ ফলত প্ৰায় ২০,০০০ত কৈ অধিক লোক বানত পীড়িত লগতে বহুতো পশুধনৰ ক্ষতি হৈছিল।