চিৰাঙৰ বিষ্ণুপুৰ বজাৰত চুলাই মদৰ ঘাটি উৎখাত

চিৰাঙৰ বিষ্ণুপুৰ বজাৰত চুলাই মদৰ ঘাটি উৎখাত
Published on

চিৰাং জিলাৰ ২নং বিষ্ণুপুৰ বজাৰত চুলাই মদ মুকলি ভাৱে বিক্ৰী হোৱাৰ বিৰোধিতাৰে পোষ্টাৰিং কৰাৰ লগতে বজাৰ কমিটিয়ে বজাৰত মুকলি ভাৱে বিক্ৰী কৰা চুলাই মদৰ দোকান লণ্ড ভণ্ড কৰি মদ সমুহ পেলাই দিয়ে । সৰু সৰু পলুথিনৰ টোপোলা বনাই মুকলি বজাৰত বিক্ৰী কৰিছিল চুলাই মদ ।

চিৰাং জিলা আবকাৰি বিভাগৰ নিৰ্লিপ্ততাৰ ফলতে বজাৰত মুকলি ভাৱে এই দৰেই বিক্ৰী হৈছিল চুলাই মদ । ২নং বিষ্ণুপুৰ বজাৰৰ নিচেই কাষত বিদ্যালয় থকাৰ পিচতো বজাৰ খনত মুকলি ভাৱে চুলাই মদৰ বিক্ৰী হৈ আছিল দীৰ্ঘ দিনৰ পৰা । যাৰ ফলত অঞ্চলটোত পৰিৱেশ বিনষ্ঠ কৰি তুলিছিল মদাহিয়ে । হঠাতে আজি বজাৰ কমিটিয়ে বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ সহযোগত একাংশ পুৰুষ-মহিলাই চুলাই মদ বিক্ৰী বন্ধ কৰে বজাৰ খনত ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com