ডুমডুমাৰ বিচাকুপি ৰূপবনত সন্দেহজনক অাত্মহত্যাৰ ঘটনা

ডুমডুমাৰ বিচাকুপি ৰূপবনত সন্দেহজনক অাত্মহত্যাৰ ঘটনা
Published on

তিনিচুকীয়া জিলাৰ ডুমডুমা অাৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি ৰূপবনত যোৱা নিশা সন্দেহজনক অৱস্থাত এগৰাকী ৬ মহীয়া অন্ত:সত্তা মহিলা চিপ লৈ অাত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে, বিছাকুপি ৰূপবন নিবাসী টেট্ শিক্ষক তমচম বেজবৰুৱাৰ পত্নী পুস্পাঞ্জলী গোহাঁই(২৩ )য়ে নিজা বাসগৃহতে পাৰিবাৰিক কণ্ডলৰ বাবে চিপ লৈ অাত্মহত্যা কৰা বুলি স্বামীয়ে সাংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ৰহস্যজনক কথা যে চিপ লৈ থকা অৱস্থাত পত্নী প্ৰত্যক্ষ কৰাত স্বামী তমচম বেজবৰুৱাই লগে লগে চিপদাল কাটি বিচনাত শুৱাই দিয়া বুলি অাৰক্ষীক অৱগত কৰে ।দুবছৰ পূৰ্বে জুটুলীবাৰীৰ পৰা বিবাহ পাশত অাৱদ্ধ হোৱা পুস্পাঞ্চলী গোহাঁইৰ সন্দেহজনক অাত্মহত্যাৰ ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।একাং ৰাইজে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে।ইতিমধ্যে অাৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰিক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে।মৰণোত্তৰ পৰিক্ষাৰ অন্তত সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অাহিব বুলি অাৰক্ষীয়ে জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com