দুলীয়াজানৰ বৰডুবি টিংৰাই নৈত নাওঁ দুৰ্ঘটনা

দুলীয়াজানৰ বৰডুবি  টিংৰাই নৈত নাওঁ দুৰ্ঘটনা
Published on

তিনিচুকীয়া জিলাৰ বৰডুবি কেহেং চাহ বাগিচাৰ ৬নং লাইনৰ ৰাজেশ তাঁতী নামৰ এজন প্ৰায় ৪৫ বছৰীয়া যুৱকে টিংৰাই নদীত মাছ মাৰিবলৈ গৈ নদীৰ বুকুত সন্ধানহীন হোৱা ঘটনা পোহৰলৈ আহিছে ।

জানিব পৰা মতে সোমবাৰে দিনত বিশ্বকৰ্মা পূজাৰ দিনাই কেহেং চাহ বাগিচাৰ ৬ নং লাইনৰ দুজন যুৱকে এখন নাওঁৰে মাছ ধৰিবলৈ পানীত নামোতেই নাওঁ খন পানীত সুমাই জাই ।তাৰে এজন যুৱক লৰালৰিকৈ পানীৰ পৰা উঠি আহি নিজকে বচাবলৈ শৈক্ষম হয় যদিও ৰাজেশ তাঁতী নামৰ যুৱক জন নদীৰ সোঁতত উটি যায় ।

এই ঘটনাৰ খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে স্থানীয় লোকে যুৱক জনৰ সন্ধানত নদীখনত অভিযান চলাইছিল যদিও যুৱক জনৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত ডিব্রুগড় স্থিত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে ।বাতৰি লিখাৰ সময়লৈকে যুৱক জনৰ সন্ধানত অভিযান চলাই আছে যদিও যুৱকজনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com