নগাঁৱত বন্যহস্তীৰ কৰুণ মৃত্যু

নগাঁৱত বন্যহস্তীৰ কৰুণ মৃত্যু
Published on: 

নগাঁৱৰ চামগুৰিত কিছুদিন পূৰ্বে বনৰক্ষীৰ গুলীত এটা নাহৰফুটুকীৰ মৃত্যু হোৱা পাছতেই পুনৰ নগাৱঁৰ চামগুৰিৰ বৰদলত এটা বন্যহস্তীৰ কৰুণ মৃত্যু হৈছে।শালনা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত বৰদলৰ এখন ধাননি পথাৰত বৃহস্পতিবাৰে পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিলে মৃত হাতীটো।মৃত হাতীটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খৱৰ দিয়ে।

পাছত ঘটনাস্থলীত শালনা আঞ্চলিক বন বিভাগৰ এটা বনৰক্ষীৰ দল উপস্থিত হয়।বন বিভাগে জাকৰ মাজত হোৱা যুজঁৰ বাবেই হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।আনহাতেদি স্থানীয় ৰাইজে অসুস্থ হোৱাৰ বাবেই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।উল্লেখ্য যে বহুদিনধৰি বৃহত্তৰ চামগুৰি অঞ্চলত হাতীৰ এটা জাকে উপদ্ৰব আছিল যদিও বন্যহস্তীটোৰ জাকটোক খেদি পঠোৱাত বন বিভাগ ব্যৰ্থ হৈছিল আৰু তাৰেই পৰিণতিতেই বন্যহস্তীটোৰ মৃত্যু হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com