নগাঁৱত শোকৱহ পথ দুৰ্ঘটনা : নিহত আজাৰাৰ গাড়ী চালক

নগাঁৱত শোকৱহ পথ দুৰ্ঘটনা : নিহত আজাৰাৰ গাড়ী চালক
Published on

নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত খাটগুৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কালি নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন গাড়ী চালক থিতাতে নিহত হয় ৷ বেবেজীয়া আৰক্ষী সূত্ৰে পোৱা খবৰ অনুসৰি, কালি ১১.৪৫ মান বজাত নগাঁৱৰ পৰা গুৱাহাটী দিশত গৈ থকা এএচ০১বিবি৯৩১৩ নম্বৰৰ চুইফ্‌ট ডিজায়াৰ গাড়ীখনে বেবেজীয়া শৰ্মা বৰুৱা তেলডিপোৰ ওচৰত পথৰ পৰা বিচ্যুত হৈ এঘৰ লোকৰ ঘৰৰ চাৰিসীমাৰ পকী বেৰাত খুন্দা মাৰে ৷ ফলত গাড়ীখনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে চালকজন থিতাতে নিহত হয় ৷ পাছত নিহত চালকজনক আজাৰা থানাৰ অন্তৰ্গত গনকপাৰাৰ যোগেন দাসৰ পুত্ৰ ৰন্টু দাস (২৫) বুলি চিনাক্ত কৰা হয় ৷ আৰক্ষীয়ে কুৱঁলী অথবা চালকজনৰ টোপনি অহাৰ বাবে দুৰ্ঘটনাটো হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com