
এগৰাকী নাৱালিকাক যৌন আতিশৰ্য্য চলোৱাৰ অভিযোগত বিগত চাৰি মাহে পলাতক হৈ আদালতত জামিন লাভৰ বাবে যোৱাৰ সময়তে আটক হল মদন ৰাজখোৱা নামৰ এজন পশুপালন বিভাগৰ কৰ্মচাৰী।হোজাইৰ শংকৰদেৱ নগৰ আদালতত জামিনৰ যো-জা কৰি উপস্থিত হোৱাৰ সময়তে এইজন পলাতক আতিশাৰ্য্যকাৰীক কাকী আৰক্ষীয়ে আটক কৰে।
কাকী আৰক্ষী থানাত পঞ্জীয়ণভুক্ত হোৱা উক্ত গোচৰত অভিযুক্ত মদন ৰাজখোৱাক বিচাৰি ফুৰে যদিও তেতিয়াৰপৰায়েই পলাতক হৈ আছিল ৰাজখোৱা।কালি জামিন লাভৰ বাবে হোজাই জিলাৰ শংকৰদেৱ নগৰৰ আদালতলৈ যোৱাৰ খবৰ লাভ কৰি আৰক্ষীয়ে আটক কৰে।