পতঞ্জলীৰ পৰা সীতানাথ বাৰালক বহিস্কাৰ

পতঞ্জলীৰ পৰা সীতানাথ বাৰালক বহিস্কাৰ
Published on

দৰঙৰ দুনী ভেৰুৱাৰ যোগ শিবিৰত মহাপুৰুষ শ্রীমন্ত শংকৰ দেৱৰ বিৰুদ্ধে কটু মন্তব্য কৰা বাবা ৰামদেৱৰ শিস্য তথা পতঞ্জলীৰ যোগ নিৰীক্ষক সীতানাথ বাৰালক অৱশেষত পতঞ্জলীৰ পৰা বহিস্কৃত কৰিবলৈ বাধ্য হল। সোমবাৰে পতঞ্জলীৰ পৰা সীতানাথক বহিস্কাৰ কৰাৰ কথা সদৰি কৰে পতঞ্জলীৰ প্ৰতিস্থাপক তথা যোগগুৰু ৰামদেৱে ।

শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয় , নামঘোষাত একো নাই, নামঘৰত মূৰ্খইহে মিঠাতেলৰ চাকি জ্বলাই বুলি মন্তব্য কৰিছিল সীতানাথে।এই বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই জাঙুৰ খাই উঠিছিল অসমৰ বিভিন্ন দল-সংগঠন । বাৰালৰ এনে মন্তব্যৰ বাবে সমগ্ৰ পতঞ্জলী যোগপীঠ পৰিয়াল লজ্জিত বুলিও উল্লেখ কৰে ৰামদেৱে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com