ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ যুদ্ধ বিমান F-16 বিমান ভূ-পতিত কৰে

ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ যুদ্ধ বিমান F-16 বিমান ভূ-পতিত কৰে
Published on

ভাৰতৰ বায়ুসীমাত প্ৰৱেশ পাকিস্তানী যুদ্ধ বিমানৰ।ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ যুদ্ধ বিমান F-16 বিমান ভূ-পতিত কৰে |ভাৰতীয় বায়ুসীমা উলংঘা কৰি জম্মু–কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নাওছেৰা ছেক্টৰেৰে প্ৰৱেশ। অৱশ্যে ভাৰত চৰকাৰে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই।

জম্মু, শ্ৰীনগৰ, লেহ আৰু পাঠানকোট বিমানবন্দৰত হাই এলাৰ্ট জাৰি। কাশ্মীৰলৈ যাবলগীয়া ভাৰতীয় বাণিজ্যিক বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। ইণ্ডিগ’ আৰু স্পাইচ জেট কৰ্তৃপক্ষই জনাইছে এই কথা। চণ্ডীগড়, লেহ আৰু জম্মু–কাশ্মীৰত সকলো বাণিজ্যিক বিমানৰ উৰণ বাতিলৰ নিৰ্দেশ বায়ুসেনাৰ। জম্মু আৰু শ্ৰীনগৰলৈ ৰাওনা হোৱা কেইবাখনো বিমান ওভতাই অনা হৈছে দিল্লীলৈ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com