
আজি পুৱা প্ৰায় স্থানীয় সময় অনুসৰি ৯ বাজি ১৭ মিনিটত এক ভূমিকম্পৰ জোকাৰণিয়ে সমগ্ৰ উত্তৰপূৰ্বাঞ্চল কপাই তোলে।ৰিখটাৰ স্কেল ৪.৭ প্ৰাবল্যৰ জোকাৰণি অনুভূত হয়।ভূমিকম্পৰ অভিকেন্দ্ৰ বৰপেটা জিলাৰ পৰা সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।জোকাৰনি গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়, মনিপুৰ আৰু নগালেণ্ডত হৈছে বুলি জানিব পৰা গৈছে। এই পৰ্য্যন্ত কোনো ক্ষয়-ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।