পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে সোমবাৰে বিৰোধীৰ ভাৰত বন্ধৰ আহ্বান

পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে সোমবাৰে বিৰোধীৰ ভাৰত বন্ধৰ আহ্বান
Published on

পেট্ৰ'ল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি সোমবাৰে কংগ্ৰেছে ভাৰত বন্ধৰ আহ্বান কৰিছে।পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ লগতে অস্বস্তিত পৰিছে বিৰোধী দলসমূহো । সেয়েহে, এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিৰোধী দল কংগ্ৰেছে সোমবাৰে আহ্বান কৰিছে ভাৰত বন্ধৰ ।

পেট্ৰ'ল ডিজেলৰ দামে সকলো শ্ৰেণীৰ লোককে জলাকলা খুৱাইছে ।এই দুবিধ ইন্ধনৰ যদি মূল্য এনেদৰে বাঢ়ি থাকে তেন্তে ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বাছৰ ভাড়াৰ লগতে অন্যান্য সা-সামগ্ৰীৰো । কংগ্ৰেছৰ এই ভাৰত বন্ধত সমৰ্থন আগবঢ়াইছে এম ডি এম কে, এন চি পি, ডি এম কে আৰু সমাজবাদী পাৰ্টীয়েও ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com