বানত ক্ষতিগ্ৰস্ত কেৰেলালৈ সাহাৰ্য্য প্ৰদান

বানত ক্ষতিগ্ৰস্ত কেৰেলালৈ সাহাৰ্য্য প্ৰদান
Published on

যোৱা ১০-১২ দিন ধৰি বানপানীত বিধৱস্ত তথা ক্ষতিগ্ৰস্ত হোৱা কেৰেলা বাসীলৈ ৫০০কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।মোদীয়ে কেৰেলাৰ মুখ্যমন্ত্ৰী আৰু অন্য বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনা সভাত মিলিত হৈ এই কথা সদৰী কৰে।প্ৰলয়ংকাৰী বানপানীত প্ৰাণ হেৰুওৱা সকলো পৰিয়াললৈ ২লাখ টকা আৰু আহত সকললৈ ৫০হাজাৰ টকাৰ সাহাৰ্য্য আগবঢ়াব বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰে।বানে ধ্বংস কৰা ৰাজ্য খনৰ পৰিস্থিতি আকাশ মাৰ্গেৰে পৰ্যবেক্ষন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com