বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতেই পঞ্জাৱত সংঘটিত ভয়াবহ ঘটনা

বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতেই পঞ্জাৱত সংঘটিত ভয়াবহ ঘটনা
Published on

শুক্ৰবাৰে ৰে'লপথৰ দাঁতিত ৰৈ বিজয়া দশমীৰ কাৰ্য্যসূচী উপভোগ কৰি থাকোঁতেই ৰে'লে মহতিয়াই নিয়ে অৰ্ধশতাধিক লোকক । ৰাৱণ দাহৰ কাৰ্য্যসূচী চলি থকা সময়তেই সংঘটিত হয় এই মৰ্মান্তিক ঘটনা । আতচবাজীৰ শব্দৰ বাবে ৰে'ল অহাৰ উমান নোপোৱাৰ ফলতেই ৰে'ল খনে মহটিয়াই নিয়ে প্ৰায় ৬০ জন লোকক । পাঞ্জাৱৰ অমৃতসৰৰ চৌৰা বজাৰত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ নিহতৰ পৰিয়াললৈ ২ লাখ আৰু আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । আনহাতে পাঞ্জাৱৰ মূখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে নিহতৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহত সকলৰ বাবে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com