বিধানসভাত গ্ৰামোন্নয়ন কেলেংকাৰী সন্দৰ্ভত আব্দুল খালেকৰ প্ৰশ্নবান

বিধানসভাত গ্ৰামোন্নয়ন কেলেংকাৰী সন্দৰ্ভত আব্দুল খালেকৰ প্ৰশ্নবান
Published on

বিধানসভাৰ শৰৎকালীন অধিবেশনত কংগ্ৰেছ বিধায়ক আব্দুল খালেকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেক অসমৰ এখন আগশাৰীৰ দৈনিক বাতৰি কাগজত প্ৰকাশ পোৱা গ্ৰামোন্নয়ন বিভাগৰ কেলেংকাৰীৰ খবৰটো দৃষ্টি গোচৰ হৈছেনে নাই আৰু বিষয়টো ওপৰত তদন্ত কৰিছেনে নাই আদি প্ৰশ্ন উত্থাপন কৰে। উত্তৰত নৱ কুমাৰ দলে জানিবলৈ দিয়ে যে বিভাগীয় আয়ুক্ত ডঃ জে বি এক্কা ই তদন্ত চলাইছে আৰু প্ৰতিবেদনৰ প্ৰতিলিপি সদনত দিয়া হৈছে । মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কোনো বিষয়া-কৰ্মচাৰী যদি দোষী সাব্যস্ত হয়, তেনেহলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব। গ্ৰামোন্নয় আৰু পঞ্চায়ত বিভাগৰ সঞ্চালকৰ বিৰুদ্ধে ' ৰাজ্যিক গ্ৰাম্য জীৱিকা নিৰ্বাহ মিছন'ৰ হিচাপ মিলাবলৈ মহাগাননিকৰ বিষয়াক বহু লাখ টকাৰ ঘোচ দিয়াৰ অভিযোগ উঠিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com