বিশাখাপট্টনমত মাওবাদীয়ে হত্যা কৰিলে দুজন বিধায়কক

বিশাখাপট্টনমত মাওবাদীয়ে হত্যা কৰিলে দুজন বিধায়কক
Published on

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত হৈছে মাওবাদীৰ এক ভয়ংকৰ আক্ৰমণ । বিশাখাপট্টনমত সংঘটিত এই আক্ৰমণত নিহত হৈছে কিডাৰী সৰ্বেশ্বৰ ৰাও নামৰ এগৰাকী বিধায়কৰ লগতে আন এগৰাকী প্ৰাক্তন বিধায়ক । প্ৰাক্তন বিধায়ক জনৰ নাম শিৱেৰু সমাৰ বুলি জানিব পৰা গৈছে। নিজ সমষ্টিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাতে মাওবাদীয়ে আক্ৰমণ কৰি গুলীৰে থকাসৰকা কৰা হয় দুয়োগৰাকী বিধায়কৰ দেহ । ওড়িশাৰ সীমান্তৱৰ্তী অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ "আৰাকু" মাওবাদী অধ্যুষিত অঞ্চল হিচাপে জনাজাত । এই ঘটনাৰ পাছতে ভাৰতীয় সেনা অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে মাওবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে বুলি জানিব পৰা গৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com