
বিশ্বনাথৰ গণ প্ৰহাৰৰ সৈতে জড়িত বিশ্বনাথৰ চতিয়াৰ দিপলুঙা চাহ বাগিচাৰ ১১ জন আদিবাসী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। একাংশ উন্মাদ লোকে দা, লাঠি , লোৰ ৰডৰে অমানুষিক অত্যাচাৰ চলাইছিল চাৰি জন যুৱকৰ ওপৰত।চাহ বাগিচা খনৰ ১৫ নম্বৰ লাইনত সংঘটিত হৈছিল নৃশংস ঘটনাটো । আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ লোক কেইজনক উদ্ধাৰ কৰিছিল যদিও বিশ্বনাথৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছিল দেৱেন ৰাজবংশী নামৰ লোকজনৰ । আহত ক্ৰমে ফুলচন চাহু, বিজয় নায়ক, পুজেন ৰাজবংশী এতিয়াও চিকিৎসাধীন হৈ আছে। গাহৰিৰ ব্যৱসায় কৰা লোক কেইজনে পুৱতি নিশা গাহৰি ক্ৰয় কৰিবলৈ গৈছিল, কিন্তু তেওঁলোকক গৰুচোৰ বুলি সন্দেহ কৰি জপিয়াই পৰিছিল উন্মাদ লোকসকল।