বোকাজানত গুলীবিদ্ধ হাতীৰ মৃতদেহ উদ্ধাৰ

বোকাজানত গুলীবিদ্ধ হাতীৰ মৃতদেহ উদ্ধাৰ
Published on

কাৰ্বিআংলং জিলাৰ বোকাজান থানাৰ অন্তৰ্গত সৰুমানথিত এটা বনৰীয়া হাতী মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। চোৰাং চিকাৰীয়ে হাতীটোক হত্যা কৰি দাঁত আৰু শুৰৰ একাংশ কাটি লৈ যায়। মৃত হাতীটোৰ শৰীৰত গুলিৰ চিন দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়াত বনবিভাগে মৃতদেহটো মৰনোত্তৰৰ বাবে প্ৰেৰন কৰে। আনহাতে উক্ত স্থানতে পূৰ্বেও এটা হাতী হত্যা কৰিছিল একেদৰে।বন বিভাগৰ নিষ্ক্ৰিয়তাৰ বাবেই এনেদৰে চোৰাং চিকাৰীয়ে হাটীটো হত্যা কৰি দাঁত,শুৰ লৈ যাবলৈ সক্ষম হল বুলি স্থানীয় ৰাইজৰ অভিযোগ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com