মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক প্ৰসংগত উত্তাল নগাঁৱৰ দেউৰী গাঁও

মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক প্ৰসংগত উত্তাল নগাঁৱৰ দেউৰী গাঁও
Published on

কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে দুমাহ মান পূৰ্বে উত্থাপিত যৌন কেলেংকাৰী প্ৰসংগত নগাঁৱৰ এখন গাৱঁত শেহতীয়া ভাবে সৃষ্টি হৈছে ব্যাপক উত্তেজনা । কেন্দ্ৰীয় মন্ত্ৰী জনৰ বিৰুদ্ধে যিগৰাকী কম বয়সীয়া বোৱাৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল, সেই গৰাকী মহিলাৰ স্বামী গৃহ নগাঁও জিলাৰ দক্ষিনপাট তূলসীমুখ দেউৰী গাঁৱৰ প্ৰত্যেক জন মানুহে ওলাই আহি উক্ত মহিলা গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হৈ পৰিছে।

কালি নিশা গাঁওখনৰ একাংশ পুৰুষ-মহিলা ওলাই আহি মহিলা গৰাকীৰ স্বামী গৃহত শিল গুটি দলিয়াই আক্ৰমণ কৰাৰ লগতে দেহ ব্যৱসায় আৰু ব্লেকমেলিং কাৰ্য বন্ধ কৰি গাঁওখনৰ সন্মান অটুট ৰাখিবলৈ দাবী জনায়। প্ৰায় দুঘণ্টা ধৰি ব্যাপক উত্তেজনা চলাৰ পিছত সকলো লোক ঘৰলৈ ওভতি যায় যদিও আজি গাঁখনত পুণৰ উত্তেজনাৰ সৃষ্টি হয়। দেউৰী গাঁৱৰ পুৰুষ-মহিলা সমন্বিতে সকলো সচেতন লোক সমবেত হৈ উক্ত মহিলা গৰাকীৰ স্বামী গৃহত বহু সময় ধৰি ধৰ্ণা দিয়ে।

উত্তেজিত লোক সকলে দেহ ব্যৱসায় বন্ধ কৰক, ৰাজেন গোহাঁই মুৰ্দাবাদ আদি ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তাৰ পিছত এখন ৰাইজ মেল অনুষ্ঠিত হয়। ৰাইজ মেলত উক্ত মহিলা গৰাকীৰ পৰিয়ালক সামাজিক ভাবে বৰ্জন কৰাৰ লগতে অহা দহ দিনৰ ভিতৰত উক্ত গৃহ ত্যাগ কৰিবলৈ আহ্বান জনায়। গাঁৱৰ লোক সকলে ৰাজপথত এক সমদল উলিয়াই মহিলা গৰাকীৰ পৰিয়াল আৰু মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে। এই কাম নকৰিলে নিৰ্দিষ্ট সময় পিছত ৰাইজে তেওঁলোকৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ব্যৱস্থা লবলৈ দাবী জনাব।

যাৰ বাবে বিতৰ্কিত মহিলা গৰাকীৰ স্বামী গৃহত সাম্ভাব্য অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰে পৰা জিলা প্ৰশাসনে নিৰাপত্তা ৰক্ষী মোতায়ন কৰে। আৰক্ষীৰ উপস্থিতিৰ বাবে কোনো ভয়ানক ঘটনা সংঘটিত হোৱাৰ পৰা পৰিয়ালটো ৰক্ষা পৰে। স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে মতে, মন্ত্ৰী ৰাজেন গোহাঁই আৰু মহিলা গৰাকীৰ যৌন নিৰ্যাতনৰ বিতৰ্কই সমগ্ৰ দেউৰী গাঁওবাসীক লজ্জানত কৰিছে। উক্ত মহিলা গৰাকীৰ গৃহত পূৰ্বৰে পৰা দেহ ব্যৱসায়ৰ দুষ্কাৰ্য চলি থকাৰ অভিযোগ আছে।

উল্লেখ্য, দুমাহ মানৰ পূৰ্বে মহিলা গৰাকীয়ে ৰাজেন গোহাঁইৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি আৰক্ষী থানাত গোচৰ তৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । পৰৱৰ্তী সময়ত মহিলা গৰাকীয়ে তেওঁৰ অভিযোগ ভুল বুজাবুজি বুলি আদালতত লিখিত ভাবে জনাইছিল। আনকি, মহিলা গৰাকীৰ স্বামীয়ে অভিযোগটো অস্বীকাৰ কৰি ভিডিঅ' পোষ্ট দিছিল। মন্ত্ৰী জনৰ যৌন কেলেংকাৰীৰ বিতৰ্ক মাৰ যোৱাৰ পিছত দুদিন পূৰ্বে মহিলা গৰাকীৰ স্বামীয়ে পুণৰ ঘটনাটো চৰ্চালৈ আনি সংবাদ মাধ্যমত তেওঁক ভয়-ভাবুকিৰে উক্ত যৌন নিৰ্যাতনৰ গোচৰটি উঠাই লবলৈ বাধ্য কৰিছিল বুলি প্ৰকাশ কৰে।

সংবাদ মাধ্যমত কালি এই বাতৰি প্ৰকাশ হোৱাৰ পিছতেই গাওখনৰ পুৰুষ মহিলা আদি সকলোৱে ৰাজপথলৈ ওলাই আহি মহিলা গৰাকীৰ ঘৰৰ সন্মুখত ধৰ্ণা দিয়াৰ লগতে ঘৰখনৰো কিছু ক্ষতিসাধন কৰে। ইফালে, স্থানীয় লোক সকল মহিলা গৰাকীৰ স্বামীৰ এই কাণ্ডত ক্ষুব্ধ হৈ পৰাৰ পিছত তেওঁ দুদিন পুৰ্বে দিয়া ভাষ্যৰ সলনি কৰি আজি মহিলা গৰাকীৰ স্বামীয়ে তেওঁ নিজৰ ইচ্ছাৰে দিয়া নাছিল বুলি প্ৰকাশ কৰিছে। তদুপৰি, তেওঁ নিৰাপত্তাহীনতাত ভুগিছে বুলি উল্লেখ কৰে। অন্যহাতে, ঘটনাটোক লৈ চলা চৰ্চা অনুসৰি, ব্যাপক ধনৰ লেনদেনৰ বাবেই মহিলা গৰাকী সঘনাই নিজৰ মতামত সলনি কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com