মিজোৰামৰ মুখ্যমন্ত্ৰীকে ধৰি ৯ জন প্ৰাৰ্থীৰ নামত আছে ফৌজাদাৰী গোচৰ

মিজোৰামৰ মুখ্যমন্ত্ৰীকে ধৰি ৯ জন প্ৰাৰ্থীৰ নামত আছে ফৌজাদাৰী গোচৰ
Published on

এটা সামাজিক গোষ্ঠীয়ে দাখিল কৰা তথ্য অনুসৰি আগন্তুক মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদন্দ্বিতা আগবঢ়োৱা ২০০ জন প্ৰাৰ্থীৰ ভিতৰত মুখ্যমন্ত্ৰী লাল থানহাবালাকে ধৰি আন ৯ জন প্ৰাৰ্থীৰ বিপক্ষে আছে ফৌজাদাৰী গোচৰ।মিজোৰাম ইলেকচন ৱাটচ(এম ই ডব্লিউ) আৰু গণতান্ত্ৰিক সংস্কাৰ সন্থাই জনোৱা অনুসৰি মিজো নেচেনেল ফ্ৰণ্টৰ সভাপতি প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাও অপৰাধী গোচৰ চলি থকা সকলৰ অন্যতম।

নিৰ্বাচনী আয়োগে প্ৰাৰ্থীৰ দ্বাৰা দাখিল কৰা হলফনামাত এই তথ্য পোহৰলৈ আহিছে। অন্য অপৰাধী গোচৰ চলি থকা সকলৰ ভিতৰত বিজেপিৰ চাৱাংথু,লালডুপুই, কংগ্ৰেছৰ থাংমিংমায়া, মিজো নেচেনেল ফ্ৰণ্টৰ ৰাশিক মোহন চাকমা আৰু লালথাংলিনা আদি অন্যতম।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com