মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Published on: 

বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি মুকলি হ'ল দেশ বিদেশৰ পৰ্যটকৰ বাবে। প্ৰতিটো বছৰৰ দৰেই এইবাৰো কাজিৰঙা চাবলৈ ভিৰ হব দেশৰ লগতে বিদেশৰ বহু পৰ্যটকৰ । এইবছৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ মুকলি কৰে অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য‌ই । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য‌ই আজি ৰাষ্ট্ৰীয় উদ্যান খনৰ কঁহৰা আৰু বাগৰি ৰেঞ্জ দুটি মুকলি কৰে । উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ৰানোজ পেগুৰ লগতে বন বিভাগৰ বহু উচ্চ পদস্থ বিষয়া ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com