যোৰাবাটত বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ উচ্ছেদ অভিযান

যোৰাবাটত বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ উচ্ছেদ অভিযান
Published on

গুৱাহাটী নহানগৰীৰ যোৰাবাটত চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে আজি এক অভিযান চলাই।চৰকাৰী বুল্ডেজাৰে এফালৰ পৰা ভাঙি গল দোকান পোহাৰ ।

কৃত্ৰিম বানপানী ৰোধৰ উদ্দেশ্যে কামৰূপ মহানগৰ প্ৰশাসনে বৃহস্পতিবাৰে পুৱাই চলালে এই উচ্ছেদ অভিযান । যোৰাবাটৰ পৰা বৰ্ণিহাতলৈ অবৈধ দখলকাৰীৰ বিৰুদ্ধে চলিব এই অভিযান ।

যোৰাবাটৰ পৰা বৈ যোৱা এই নলাটোৰ ওপৰত একাংশ লোকে অবৈধ ভাৱে দোকান পোহাৰ গঢ়ি তোলাৰ ফলত ক্ৰমাৎ নলাটো বন্ধ হোৱাৰ উপক্ৰম হৈছে আৰু যাৰ ফলতেই এজাক বৰষুণতে যোৰাবাট অঞ্চলত সৃষ্টি হয় ভয়ঙ্কৰ বানপানীৰ ।

কিন্তু এই উচ্ছেদ অভিযানক সম্পূৰ্ণ ৰূপে অবৈধ বুলি দাবী কৰিছে উচ্ছেদকাৰী সকলে । কিয়নো আগতিয়াকৈ কোনো জাননী প্ৰেৰণ কৰা নাছিল এই উচ্ছেদকাৰী সকলক ।

হঠাতে এনেদৰে উচ্ছেদ চলাই ব্যবসায় প্ৰতিষ্ঠান সমূহ ধ্বংস কৰাৰ বাবে এতিয়া সংস্থাপনৰ দাবী কৰিছে ভুক্তভোগী সকলে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com