লাখে লাখে টকা হৰলুকী ডিব্ৰুগড়ৰ ইউকো বেংকত

লাখে লাখে টকা হৰলুকী ডিব্ৰুগড়ৰ ইউকো বেংকত
Published on

বেংকত কিমান নিৰাপদ আপোনাৰ সাচতীয়া ধন , লাখে লাখে টকা হৰলুকী হৈছে ডিব্ৰুগড়ৰ ইউকো বেংকত।ইউকো বেঙ্কৰ ডিব্ৰুগড় শাখাত থকা নিজ নিজ একাউণ্ট পৰা কৃষাণ গাৰোডীয়াৰ ১৫ লাখ, কানৈ কলেজৰ প্ৰাক্তন অধ্যাপক মদন মোহন গোস্বামীৰ ১০ লাখ ৮০ হাজাৰ আন এজন গ্ৰাহক বিশ্বেস্বৰ চক্ৰবৰ্ত্তীৰ ৯ লাখ ৮০ হাজাৰ টকা কৌশলেৰে হৰলুকী হোৱাৰ পাছতে গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

মাত্ৰ ১২ দিনৰ ভিতৰতেই তিনিজন গ্ৰাহকৰ একাউণ্টৰ পৰা চহী জালিয়াতিৰে চেক যোগে লৈ গল দুষ্ট চক্ৰই ৩৬ লাখৰো অধিক হাচটীয়া ধন হৰলুকী ইউকো বেংকত।।মাত্ৰ ৮ টা দিনত দুটাকৈ এনে ঘটনা সংঘটিত হোৱাৰ পাছতো বেংক কৰ্তৃপক্ষই ব্যৱস্থা লোৱা নাছিল। এনে সময়তে পুনৰ ২৪ চেপ্তেম্বৰত অনুৰূপ কৌশলেৰেই কৃষাণ গাড়োদীয়াৰ নামৰ জেষ্ঠ লোকজনৰ একাউণ্টৰ পৰা ১৫ লাখ টকা হৰলুকী হয় চেকৰ জৰিয়তে।

ইয়াৰ পাছতেই বেংকৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰে ভুক্তভূগী গ্ৰাহকসকলে ডিব্ৰুগড়ৰ সদৰ থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে বেংকৰ ঘটনা সন্দভত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান লৈকে কোনো ব্যক্তিকে আটক বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com