লামডিঙত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

লামডিঙত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ
Published on

লামডিং অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ থকাৰ ফলত সৰ্বসাধাৰণ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈছে । নিয়মীয়া বিদ্যুৎ যোগান ধৰিব নোৱাৰা শক্তি মন্ত্ৰী তপন গগৈৰ বিয়াগোম বিভাগটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।ছাত্ৰ সংগঠনটোৰ সদস্যৰ লগতে লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে কাৰ্যালয়ত ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।স্থানীয় ৰাইজে বহুতবাৰ অভিযোগ দিছিল যদিও কোনোধৰনৰ গুৰুত্ব প্ৰদান নকৰিলে বিভাগটোয়ে।নিৰ্বাচনৰ পূৰ্বে ২৪ ঘন্টাই অসমৰ ৰাইজে বিদুৎ লাভ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে বিদুৎ প্ৰদান কৰা বিষয়টোত পিঠি দিয়াহে পৰিলক্ষিত হয়।শতাধিক ছাত্ৰ-ছাত্ৰী সকলে পৰিস্থিতি ইমানেই উত্তাল কৰি তোলে যে পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ লামডিং আৰক্ষী উপস্থিত হবলগীয়া হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com