শদিয়াৰ পৰা ৰাজ্যৰ ৭০ সংগঠনৰ সংকল্প যাত্ৰা

শদিয়াৰ পৰা ৰাজ্যৰ ৭০ সংগঠনৰ সংকল্প  যাত্ৰা
Published on

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি সংকল্প যাত্ৰা আৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাজ্যৰ ৭০টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে৷

শদিয়াৰ পৰা আৰম্ভ হোৱা এই সংকল্প যাত্ৰা একেলগে বাহিৰ হয় ৰাজ্যৰ ডিফু, জোনাই আৰু ধুবুৰীৰ পৰাও৷ দেওবাৰে পুৱা দহ বজাত শুভাৰম্ভ হোৱা সংকল্প শিখা যাত্ৰাত মটৰচাইকেল আৰু গাড়ীৰে যাত্ৰা কৰি ১৬ নৱেম্বৰত গুৱাহাটী মহানগৰীত উপস্থিত হৈ জনতা ভৱন ঘেৰাও কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক তীব্ৰ বিৰোধিতা কৰিব ৰাজ্যৰ ৭০টাকৈ দল-সংগঠনে ৷

ৰাজ্যৰ ৭০টা জাতীয়-জনগোষ্টীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বত শদিয়াৰ পৰা বাহিৰ হোৱা বাইক ৰেলিত অতি কমেও এক হাজাৰ খন বাইকেৰে যাত্ৰা কৰে দলটোৱে ৷

বিজেপি আৰু আৰ এচ এচে অসমক ধংস কৰিব খুজিছে,জাতিধ্বংসী বিধেয়ক অসমৰ জনগণক নালাগে, এই বিধেয়ক বাতিল নোহোৱালৈকে আন্দোলন চলি থাকিব বুলি মন্তব্য কৰি হয় নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক নহয় চৰকাৰে পদত্যাগ কৰক বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com