শিৱসাগৰ আমগুৰিত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্থ

শিৱসাগৰ আমগুৰিত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্থ
Published on

শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰবাম ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্থ হৈছে।এএছ ০৪ এচি ৪২৫৫ নম্বৰৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাটোত বাছখনত থকা ৩০ জনৰো অধিক যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে । বেছিভাগ কলেজীয়া ছাত্ৰ ছাত্রী আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত লোকসকলক আমগুৰি চিকি্ৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাই জয়সাগৰ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com