
শিৱসাগৰ জিলাৰ হালোৱাটিংৰ আমগুৰি বাগিচাৰ সমীপৰ পৰা আটক কৰিছে তিনি নগা যুৱকক।যুৱক তিনিজনৰ নাম য়াংগাৰ আয়াৰ, পানটাং এলকেআৰ, নুংচুং আয়াৰ।তিনিওৰে ঘৰ য়াছাং বস্তিত।ধৃত তিনি নগালোকে উল্লেখ কৰা মতে হালোৱাটিং নেপালীবস্তিৰ এজন যুৱকক বিক্ৰী কৰিবলৈ আহিছিল পিষ্টলটো।১৭ পাৰা ফিল্ড ৰেজিমেন্ট, চিভিল পুলিচ আৰু চিওৱান/১১৯ চি আৰ পি এফ যৌথ অভিযানত আটক হৈছে তিনি নগা যুৱক।নগা যুৱক তিনিজনে ব্যৱহাৰ কৰ মটৰ চাইকেল আৰু দুটাকৈ মবাইল হেণ্ডছেট জব্দ কৰিছে।