শুৱালকুছিত অগ্নিকাণ্ডত একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

শুৱালকুছিত  অগ্নিকাণ্ডত একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু
Published on

শুৱালকুছিৰ এছ এম ৰোডৰ অচ্যুত্‍ প্লাজাত থকা এখন পাটসূতাৰ দোকানত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। জুই আৰু ধোঁৱাই সমগ্ৰ অট্টালিকাটো আৱৰি ধৰাত তৃতীয় মহলাত থকা অট্টালিকাৰ স্বত্বাধিকাৰী লোহিত কাকতিসহ পৰিয়ালৰ ৬জন মূৰ্ছা যায়। আটাইকে সংকটজনক অৱস্থাত গুৱাহাটী নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও হাস্পতালত চিকিত্‍সকে মৃত ঘোষণা কৰে তিনিজনক। হাস্পতালত মৃত্যু হয় লোহিত কাকতি, কবিতা মহন্ত আৰু ডেৰ বছৰীয়া ময়ূখ দেৱ মহন্ত নামৰ শিশুটিৰ। অগ্নিকাণ্ডত জাহ যায় ৫০ লক্ষাধিক টকাৰ পাট সূতাৰ লগতে অন্যান্য সামগ্ৰীও।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com