সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৭০ শতাংশ কাম সম্পূৰ্ণ

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৭০ শতাংশ কাম সম্পূৰ্ণ
Published on

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিলিপ্ততাবাদী ভূমিকাৰ সুযোগ লৈ এন এইচ পি চি কতৃপক্ষই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম ৭০ শতাংশ সম্পূৰ্ণ কৰিলে।এই কথা প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে

উল্লেখযোগ্য যে ২০১৬ চনতে সেউজ ন্যায়াধীকৰণে এন এইচ পি চি কতৃপক্ষক কাম বন্ধ ৰখাৰ নিৰ্দেশ দিছিল।কিন্তু ন্যায়াধীকৰণৰ সিদ্ধান্তক বুঢ়া আঙুলি দেখুৱাই প্ৰকল্পটোৰ ৭০ শতাংশ কাম সম্পূৰ্ণ কৰিলে এন এইচ পি চি য়ে।

২০০০ মেগাৱাট শক্তি উৎপাদনক্ষম এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে উজনি অসমৰ লক্ষীমপুৰ,ধেমাজী,বিশ্বনাথ,মাজুলী,যোৰহাট,গোলাঘাট আৰু ইয়াৰ দাতিকাষৰীয়া জিলা কেইখনলৈ এক অন্ধকাৰ ভৱিষ্যৎত নামি আহিব বুলি ইতিমধ্যে দল সংগঠনৰ লগতে সচেতন মহলেও প্ৰকাশ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com