সদৌ কোঁচ ৰাজবংশী ছাত্ৰ ইউনিয়নে আহ্বান কৰিলে ২৪ঘণ্টীয়া বন্ধ

সদৌ কোঁচ ৰাজবংশী ছাত্ৰ ইউনিয়নে আহ্বান কৰিলে ২৪ঘণ্টীয়া বন্ধ
Published on: 

২৪ঘণ্টীয়া ৰাজ্যিক বন্ধ আহ্বান কৰিলে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ ইউনিয়ন,সদৌ অসম কোঁচ ৰাজবংশী মহিলা সন্মিলনী আৰু চিলাৰায় সেনায়ে। জনজাতিকৰনৰ পৰা কোঁচ ৰাজবংশী আৰু কমতাপুৰ ৰাজ্যিক মৰ্য্যদা প্ৰদানৰ দাবীত যোৱা শুক্ৰবাৰে উদালগুৰি জিলাৰ বিভিন্ন অংশ বন্ধ থাকে।মানুহৰ দৈনন্দিন জীৱনৰ লগতে ব্যৱসায় ব্যৱস্থা,চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়,দোকান-বজাৰ আদি সমূহ বন্ধ থাকে।উদালগুৰিৰ জিলাৰ মুল অঞ্চল যেনে; কলাইগাঁও,টংলা,ডিমাকুছি,মাজবাট,খৈৰাবাৰী,ৰৌতা,হৰীসিঙা,পেনেৰী আদি সমূহৰ লগতে বাণিজ্যিক আৰু বেচৰকাৰী বাহন সমূহৰ চলাচলো বন্ধ থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com