সন্ত্ৰাসবাদ বিৰোধী শ্লগানেৰে উত্তাল লংকাৰ উদালীৰ ফুলতলী

সন্ত্ৰাসবাদ বিৰোধী শ্লগানেৰে উত্তাল লংকাৰ উদালীৰ ফুলতলী
Published on

ৰাজ্যত বৃদ্ধি পোৱা জেহাদী কাৰ্যকলাপৰ বিৰোধিতাৰে আজি পুৱা গ্ৰহণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। শতাধিক ছাত্ৰ ও স্থানীয় ৰাইজৰ অংশগ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত। উদালীৰ চহিদুল আলম নামৰ যুৱকজন সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কাৰ্য্যত লজ্জিত হৈ স্থানীয় ৰাইজে গ্ৰহণ কৰে এই প্ৰতিবাদী সভা। চহিদুল আলমক পৰিয়ালক সমাজৰ পৰা এঘৰীয়া কৰি উদালীৰ সমাজত সন্ত্ৰাসবাদৰ স্থান নাই বুলি ঘোষণা উদালী ফুলতলী বাসীৰ ৰাইজৰ।

সন্ত্ৰাসবাদী নিপাত যাওক, অসমত সন্ত্ৰাসবাদীৰ স্থান নাই, সন্ত্ৰাসবাদীক ফাঁচী দিয়ক, সাতামপুৰুষীয়া ঐক্য বজাই ৰাখক আদি প্লেকাড লৈ প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে ফুলতলীৰ আকাশ বতাহ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com