সমগ্ৰ ৰাজ্যত বন্ধৰ ব্যাপক প্ৰভাৱ

সমগ্ৰ ৰাজ্যত বন্ধৰ ব্যাপক প্ৰভাৱ
Published on

গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ সকলো প্ৰান্ততে জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , কৃষক মুক্তি সংগ্ৰাম সমিতি, আটছা, এন এছ ইউ আই, যুৱ কংগ্ৰেছ, মৰাণ ছাত্র সন্থাকে ধৰি প্ৰায় ৪৬ টাকৈ জাতীয় সংগঠনে অাহবান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কৰা এই বন্ধৰ আহ্বানত ৰাজ্যবাসীয়ে ব্যাপক সমৰ্থন জনোৱা দেখা গৈছে।গাড়ী মটৰৰ চলাচলকে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান, স্কুল- কলেজ , চৰকাৰী- বে-চৰকাৰী কাৰ্য্যালয় আদিত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ।

গুৱাহাটীত বন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । ৰাতিপুৱা ৬ বজাৰ পৰাই ব্যস্ত মহানগৰীত বন্ধ যান-বাহনৰ চলাচল । দুই ,এখন ব্যক্তিগত বাহনৰ বাদে এইপৰ্যন্ত আন কোনো বাহনৰ চালচল পৰিলক্ষিত হোৱা নাই । ব্যক্তিগত খণ্ড চিটি বাছ বন্ধ থকাৰ কাৰণে চৰকাৰে এই বন্ধৰ তীব্ৰ বিৰোধিতাৰে এ এছ টি চি বাছৰ সুবিধা কৰিছিল।লগতে দোকান-পোহাৰবোৰো বন্ধ ৰাখিছে ৰাইজে।গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ সকলো প্ৰান্তত টায়াৰ জ্বলায় প্ৰতিবাদ বন্ধ সমৰ্থকৰ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধ সমৰ্থকে ঠায়ে ঠায়ে ৰেল অৱৰোধ কৰা দেখা গৈছে । মৰিয়নীৰ চেলেংহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰে’ল অৱৰোধ । ডিব্ৰুগড়-ৰঙিয়া নামনিমুৱা যাত্ৰীবাহী ৰে’ল অৱৰোধ কৰি প্ৰতিবাদ। লখিমপুৰ ৰে’ল ষ্টেচনতো ৰঙিয়া-মুৰ্কংচেলেক অভিমুখী যাত্ৰীবাহী ৰে’ল অৱৰোধ বন্ধ সমৰ্থকৰ।ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধ সমৰ্থকক গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com