হাতী খেদিবলৈ গৈ প্ৰাণ হেৰুৱালে বনকৰ্মীয়ে

হাতী খেদিবলৈ গৈ প্ৰাণ হেৰুৱালে বনকৰ্মীয়ে
Published on

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত হাতী খেদিবলৈ গৈ এজন বনকৰ্মীয়ে প্ৰাণ হেৰুৱাব লগা ঘটনাই সমগ্ৰ জিলা খনতে শোকৰ ছাঁ পেলাইছে । বানাক্ৰান্ত জাঁজীমুখৰ মাজৰ চাপৰিত বনৰীয়া হাতী খেদিবলৈ শূন্যলৈ গুলী চলাওতেই সতীৰ্থৰ গুলীয়ে বিদ্ধ হৈ অতি কৰুণ ভাৱে মৃত্যুক সাৱটি লবলগীয়া হয় বনকৰ্মী জনে ।

জানিব পৰা মতে বুধবাৰে নিশা প্ৰায় ১১.৩০ বজাত বনৰীয়া হাতী ওলোৱাৰ খবৰ পাই যোৰহাট বন সংমণ্ডলৰ ছজনীয়া এটা দল ঘটনাস্থলীলৈ ৰাওনা হয় । প্ৰায় ১২০ জনীয়া হাতীৰ জাকটোৱে জনাঞ্চললৈ গতি কৰোতেই বনকৰ্মীৰ দলটোৱে ৰাইজৰ সহযোগত হাতী খেদিবলৈ চেষ্টা চলায় । কিন্তু হাতী খেদিবলৈ সক্ষম নোহোৱাত অৱশেষত শূন্যলৈ গুলীচালনা কৰে বনকৰ্মীৰ দলটোৱে । তেনে সময়তে অতৰ্কিতে হাতীৰ জাকটোৱে খেদি অহাত কোনো এজন সতীৰ্থৰ গুলীয়ে বিদ্ধ কৰে বনকৰ্মী হেমন্ত তামুলীক ।

ঘটনাৰ পাচতেই ৰাইজ আৰু সতীৰ্থসকলে লগলাগি বনকৰ্মীজনক চিকিৎসাৰ বাবে নিয়ে যদিও দুৰ্গম অঞ্চল হোৱা পথতেই মৃত্যুক সাৱটি ল'ব লগা হয় । উল্লেখ্য যে, বনকৰ্মী হেমন্ত তামুলীৰ ঘৰ যোৰহাট জিলাৰ গজপুৰীয়াত বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com