
কোনো কাৰনতে উকীলক সহায় কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিলে হাৰিয়ানাৰ ২৫খন জিলাৰ লোক মিলিত হৈ বহা "মহাপঞ্চায়ত"ৰ সদস্য সকলে। হাৰিয়ানাৰ চিবিএছিৰ মেধাৱী ছাত্ৰীক দলৱদ্ধ ধৰ্ষনৰ ঘটনাক কেন্দ্ৰ কৰি যোৱা সোমবাৰে মহাপঞ্চায়তৰ সদস্যই এই সিদ্ধান্ত আগবঢ়ায়।
"মহাপঞ্চায়ত" খন অনুষ্ঠিত হয় কলচী চহৰত।ইয়াৰ উপৰিও অভিযুক্তৰ বিৰুদ্ধে হাৰিয়ানাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ন আৰ্য্যই উচিত শাস্তি প্ৰদানৰ পদক্ষেপ হাতত লবলৈ আহ্বান জনায়।
সোমবাৰৰ আগতে,এই ঘটনাৰ অভিযুক্ত দুজনক পলাবলৈ যিয়ে সহায় কৰিছে সেই ব্যক্তিৰ বিৰুদ্ধেও হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনহোৰ লাল খাট্টাৰে উচিত শাস্তি প্ৰদানৰ বাবে সকিয়নি প্ৰদান কৰে।উল্লেখযোগ্য যে, চিবিএছিৰ মেধাৱী ছোৱালী জনীক নিচাযুক্ত দ্ৰৱ্য সেৱন কৰোৱাই তিনিজন লোকে যৌন নিৰ্যাতন চলাইছিল।সেই তিনিজন লোকৰ ভিতৰত এজন আৰ্মীও জড়িত হৈ আছিল।
আৰক্ষীয়ে ঘটনাটিৰ বিৰুদ্ধে প্ৰত্যক্ষ ভাৱে কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে।পলাতক অভিযুক্ত দুজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
তিনিজন অভিযুক্তৰ ভিতৰত,নিশু নামৰ এজনক যোৱা দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় আৰু বাকী দুজন পলাতক।পংকজ নামৰ আৰ্মী অভিযুক্ত জনে ঘটনাস্থলীৰ পৰাই পলাবলৈ সক্ষম হয় আৰু মনিষ নামৰ আন জন লোক বৰ্তমানেও নিৰুদ্দেশ হৈ আছে।