২০২০ ভিতৰত সম্পূৰ্ণ হব ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান:কামাখ্যা তাছা

২০২০ ভিতৰত সম্পূৰ্ণ হব ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান:কামাখ্যা তাছা
Published on

দেশৰ পেট্ৰলিয়াম খণ্ডৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ সৃষ্টিৰ বাবে শিৱসাগৰৰ পলশনিত প্ৰতিষ্ঠা কৰা ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠানৰ নিৰ্মান ২০২০ চনৰ ভিতৰত সম্পূৰ্ণ কৰা হব বুলি সাংসদ কামাখ্যা প্ৰসাদ তাছাই ঘোষণা কৰিছে।কালি শৈক্ষিক প্ৰতিষ্ঠানটিত অনুষ্ঠিত "উত্তৰণ" শীৰ্ষক এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ গৰাকীয়ে এই ঘোষণা কৰে।উল্লেখযোগ্য যে কংগ্ৰেছ চৰকাৰৰ আমোলাত ২০১১ চনত এই আধাৰশিলা স্থাপন কৰা হৈছিল।কিন্তু চৰকাৰী অৱহেলাৰ বাবে ২০১৭ পৰ্য্যন্ত কাৰ্যক্ষম হোৱা নাছিল এই শৈক্ষিক প্ৰতিষ্ঠান।বিগত বৰ্ষৰ পৰা শিৱসাগৰ নগৰৰ সমীপৰ পলশনিত অস্থায়ী শ্ৰেণী কোঠাৰে আৰম্ভ হোৱা এই শৈক্ষিক প্ৰতিষ্ঠানত সম্প্ৰতি ২৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে তিনি বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমত অধ্যয়ন কৰি আছে।শৈক্ষিক প্ৰতিষ্ঠানটিৰ নিৰ্মান সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় ২৩৫ কোটি টকাৰ ৩৫ কোটি ইতিমধ্যে মুকলি কৰা হৈছে ।পৰৱৰ্তী ২ টা বছৰৰ ভিতৰত প্ৰতিষ্ঠানটিৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতে মানৱ সম্পদৰ দক্ষতা বৃদ্ধি কৰিব পৰা ভালেকেইটা নতুন শাখাৰ অন্তৰ্ভুক্ত কৰা হব বুলি প্ৰকাশ কৰে অনুষ্ঠানত উপস্থিত থকা প্ৰতিষ্ঠানটিৰ ৰাই বেৰেলি কেম্পাচৰ গবৰ্ণিঙ বডীৰ চেয়াৰমেন কে বি অখিলেষে।অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক যোগান মোহন, শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা,শিক্ষাবিদ ডঃ সৌমাৰ জ্যোতি মহন্ত,ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান অসমৰ অধ্যক্ষ চিন্ময় শৰ্মা আদিকে ধৰি ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com