ৰঙাপৰাত ৰেলৰ খুন্দাত যুৱকৰ মৃত্যু    

ৰঙাপৰাত ৰেলৰ খুন্দাত যুৱকৰ মৃত্যু    

Published on

শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাপৰাত যোৱা কালি বিয়লি ৰেলৰ খুন্দাত এজন যুৱকৰ মুত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । জানিবলৈ পোৱা মতে খবৰ অনুসৰি বিয়লি ৫.৩০ বজাত ডেকাৰগাঁৱৰ পৰা অহা যাত্ৰীবাহী ৰেলখনে ৰঙাপৰা নগৰৰ সমীপৰ ১নং নামনিগাওৰ বিকাশ শইকীয়া (২৮) নামৰ যুৱকজন ৰেলৱে পথ পাৰ হোৱাৰ সময়তে ঘটনাটি সংঘটিত হয় । ইপিনে, পিছত ঘটনাস্হলিত ৰে'লৱে আৰক্ষী উপস্হিত হয়। জানিব পৰা মতে যুৱকজন ১নং নামনিগাওৰ বাসিন্দা আছিল । যুৱকজনৰ এনে অকাল মুত্যুত গাওখনত শোকৰঁ ছা পৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com