৬০ নিযুত চালে ভিডিঅঃ ধন্যবাদ দিলে মণিকে মাগে হিথে গীতৰ এয়াৰ হোষ্টেছে

বৰ্তমানলৈকে এই ভিডিঅ'ৰ দৰ্শন বা ভিউ ৬০ নিযুত হৈছে।
৬০ নিযুত চালে ভিডিঅঃ ধন্যবাদ দিলে মণিকে মাগে হিথে গীতৰ এয়াৰ হোষ্টেছে
Published on

আয়াত নামৰ  বিমান পৰিচাৰিকা(এয়াৰ হোষ্টেছ) গৰাকীয়ে অলপতে শ্ৰীলংকাৰ শিল্পী সতীশন ৰথনায়কৰ মণিকে মাগে হিথে গীতত নৃত্য কৰে। এখন খালী বিমানৰ ভিতৰত তেওঁ এই নৃত্য কৰাৰ লগতে  ভিডিঅ' তুলি  ছচিয়েল মিডিয়াত আপলোড কৰে। ভিডিঅ'টোৱে অভূতপূৰ্ব সঁহাৰি পায়। বৰ্তমানলৈকে এই ভিডিঅ'ৰ দৰ্শন বা ভিউ ৬০ নিযুত হৈছে। সম্প্ৰতি তেওঁ ভিডিঅ'টো দৰ্শনকাৰীসকলক  বাবে ধন্যবাদ জনাইছে। 

"মই  এই অনুভৱ শব্দৰে বৰ্ণনা কৰিব নোৱাৰো । আপোনালোক সকলোকে বহুত ধন্যবাদ।। মই কেৱল আপোনালোকৰ হাঁহিৰ আঁৰৰ কাৰণ হ'বলৈ বিচাৰো! আৰু আপোনালোকক গৌৰৱান্বিত কৰিব বিচাৰো," আয়াতে কয় ।  সম্প্ৰতি আয়াত ইণ্ডিগো এয়াৰলাইনছত কৰ্মৰত হৈ আছে। 

শ্ৰীলংকাৰ গায়িকা য়োহানি দিলোকা ডি চিলভাৰ সংস্কৰণ মে মাহত মুকলি হোৱাৰ পিছত মণিকে মাগে হিথে ভাইৰেল হৈ পৰে। 

কেৱল ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে নহয়, টাইগাৰ শ্ৰফ, অমিতাভ বচ্চন আৰু মাধুৰী দীক্ষিতৰ দৰে বলীউডৰ চেলিব্ৰেটীসকলেও এই  ভিডিঅ' শ্বেয়াৰ কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিলে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com