কন্যা সন্তানক পৃথিৱীলৈ স্বাগতম জনালে অপাৰশক্তি খুৰানাই

দম্পত্তীহালে এগৰাকী কন্যা সন্তানৰ পিতৃত্ব-মাতৃত্ব অৰ্জন কৰিছে
কন্যা সন্তানক পৃথিৱীলৈ স্বাগতম জনালে অপাৰশক্তি খুৰানাই
Published on

অভিনেতা অপাৰশক্তি খুৰানা আৰু  আকৃতি আহুজা খুৰানাৰ যুগ্মজীৱনৰ সাক্ষী হ'ল এটি কন্যা সন্তান।  দম্পত্তীহালে এগৰাকী কন্যা সন্তানৰ পিতৃত্ব-মাতৃত্ব অৰ্জন কৰিছে।   এই খবৰ শুক্ৰবাৰে অপাৰশক্তিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ দ্বাৰা সকলোকে জনায়।

খুৰানা দম্পত্তিয়ে এই সন্তানৰ নাম ৰাখিছে আৰ্জই এ. খুৰানা। সন্তানৰ আগমনৰ পাছতে দম্পতিটোৱে এখন ফটো ইণ্টাৰনেটত শ্বেয়াৰ কৰিছে আৰু লিখিছে " আকৃতি আৰু অপাৰশক্তিয়ে মৰমেৰে স্বাগতম জনাইছো আৰ্জই এ. খুৰানাক। জন্ম : আগষ্ট ২৭তাৰিখ, ২০২১" আৰু তাৰ লগতে সংলগ্ন আছে এটি কণমানি হাতীৰ ফটো।

খবৰটো প্ৰকাশ পোৱাৰে পৰা বলিউডৰ তাৰকা সকলকে ধৰি বিভিন্নজনে দুয়োজনকে শুভেচ্ছাৰে উপচাই পেলাইছে। ইয়াৰে লগতে অপাৰ শক্তিৰ ভাতৃ অভিনেতা আয়ুষ্মানে লিখিছে ,  "পৰিয়ালৰ নতুন সদস্য, শ্ৰেষ্ঠ অনুভৱ"।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com