শ্ৰীদেৱীৰ জনপ্ৰিয় গীতত নৃত্য পাকিস্তানী অভিনেত্ৰী আয়েজা খানৰ

চান্দনিৰ চৰিত্ৰটো এজনী জীৱনটো ভাল পোৱা ছোৱালীৰ আছিল, যি সময়ৰ লগত লাহে লাহে সলনি হ'বলৈ শিকে।
শ্ৰীদেৱীৰ জনপ্ৰিয় গীতত নৃত্য পাকিস্তানী অভিনেত্ৰী আয়েজা খানৰ
Published on: 


একালৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰয়াত শ্ৰীদেৱীৰ বিখ্যাত গীত "মেৰে হাথ' মে ন' ন' চুৰিয়া হে", বলিউড জগতৰ অন্যতম জনপ্ৰিয় গীত ।পাকিস্তানী অভিনেত্ৰী আয়েজা খানে শেহতীয়াভাবে নিজৰ ইনষ্টাগ্ৰাম পৃষ্ঠাত উল্লিখিত গীতটোৰ এটি ৰীল বনাইছে। আৰু এক শব্দত ক'বলৈ গ'লে এই ৰীল অভিতপূৰ্ব। ভিডিঅ'টোত অভিনেত্ৰীগৰাকীক ৰঙা আৰু কমলা ৰঙৰ  সাজে দেখাত অপৰূপা কৰি তুলিছে।

তাৰ লগত মিল খোৱা কাণফুলি, খাৰু আৰু মাংগটিকাৰে অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য  দুগুণে বৃদ্ধি কৰিছে। ৰীলটোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে নিজৰ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছে। আৰু এই ৰীলৰ বিষয়ে তেওঁ লিখিছে যে বিয়াৰ অনুষ্ঠানৰ বাবে তেওঁ সম্পূৰ্ণ বাবে সাজু।এই সুন্দৰ গীতটি, ৰাজেশ খান্না, ঋষি কাপুৰ আৰু শ্ৰীদেৱী অভিনীত ছবি "চান্দনী"ৰ। এটি পুৰণি সাক্ষাৎকাৰত প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে ব্যক্ত কৰিছিল যে  পোনপ্ৰথমবাৰৰ কাৰণে তেওঁলৈ মেল'ড্ৰামা নথকা এটি চৰিত্ৰ আগবঢ়োৱা হৈছিল। চান্দনিৰ চৰিত্ৰটো এজনী জীৱনটো ভাল পোৱা ছোৱালীৰ আছিল, যি সময়ৰ লগত লাহে লাহে সলনি হ'বলৈ শিকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com